14
Aug
2017

জাজৰিঃ ৭১তম্ স্বাধীনতা দিৱসলৈ মাজত আৰু কেইটামান ঘন্টা৷ ইতিমধ্যেই স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান সমূহো উঠিপৰি লগিছে৷
৭১তম্ স্বাধীনতা দিৱস উপলক্ষে আজি জাজৰিৰ দলংঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত একতাৰ দৌৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে উন্নয়ন বিষয়া জিতেন্দ্ৰ নাথে।
তাৰ পিছতেই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্রাংকন, কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।