15
Aug
2017

দলংঘাটঃ দৰং জিলাৰ দলংঘাটৰ বিভিন্ন অনুষ্ঠানে-প্ৰতিষ্ঠানে স্বাধীনতা দিৱস পালন কৰে৷
জিলা খনৰ উত্তৰ-পশ্চিম দৰঙৰ বালিপোতা, দেওমৰনৈ, মহলিয়াপাৰা, নামখলা, সৰাবাৰী, বোক্ৰাঝাৰ, দলংঘাট, ভূঞাখাট, দুনী, দিপিলা, আন্ধেৰীঘাট, আদি ঠাইত ৰাইজে মুকলিকৈ ওলাই আহি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰে৷
বিদ্ৰোহী সংগঠনে স্বাধীনতা দিৱস পালন নকৰিবলৈ আহ্বান জনোৱাৰ পাছতো ৰাইজ ওলাই আহি স্বাধীনতা দিৱস পালন কৰে।