ধনিশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পালন কৰে স্বাধীনতা দিৱস৷ সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় ভাৱে উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭১ তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ উপৰিও মহকুমাটোৰ আৰক্ষী, সাংবাদিক তথা অন্য ব্যক্তিক সম্বৰ্ধনা জনাই প্ৰশাসনে। মহকুমাটোৰ জেষ্ঠ সাংবাদিক ৰাধিকা বল্লভ গোস্বামী আৰু সোনাৰাম ভঁৰালীক জনোৱা হয় বিশেষ সম্বধৰ্না।