ধেমাজিঃ বান বিধ্বস্ত ধেমাজিতো উলাহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস৷ জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দান প্ৰাংগনত ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।

ধেমাজিত পূৱা ৯বজাত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধেমাজি জিলাৰ উপায়ুক্ত ৰশ্নি অপাৰাঞ্জী কৰাটীয়ে।

পতাকা উত্তোলনৰ পাছতে উপায়ুক্ত গৰাকীয়ে অসম চৰকাৰে ধেমাজি জিলাত ৰূপায়ণ কৰা বিভিন্ন আঁচনি সমুহৰ বাখ্যা আগবঢ়ায়। আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ সহিতে মুঠ ৩৫টা মাৰ্চ-পাষ্ট দলৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্ত গৰাকীয়ে।