
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰতো উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। দেশৰ অখণ্ডতা, ঐক্য আৰু সংহতিৰ বতৰা বিলাই আজি পুৱা গোৰেশ্বৰৰ শিক্ষানুষ্ঠান, বেংক প্ৰতিষ্ঠান, ৰেল ষ্টেছন, অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাষ্টীয় পতকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে। বিদ্যালয়সমূহত তিনিদিনীয়াকৈ পালন কৰা হয় স্বাধীনতা দিৱস।
বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাৰ লগতে সমূহীয়া দৌৰৰো আয়োজন কৰা হয়। ইপিনে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো জাক জমকতাৰে উৎযাপন কৰা হৈছে ৭১ সংখ্যক স্বাধীনতা দিৱস। আজি পুৱা চক্ৰ বিষয়া অকলানন্দা মেধীয়ে ৰাষ্টীয় পতাকা উত্তোলন কৰে।
বিটিচিৰ গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে পতাকা উত্তোলন স্থলীত ভাষণ দি কয় দেশবাসীয়ে আজি ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে দেশৰ অখণ্ডতাক বাদ দিব নালাগে। সকলো জাতি -জনগোষ্ঠীয়ে মিলি সদভাৱ আৰু সমন্বয়ৰে এখন সুন্দৰ সমাজ গঢ়াৰ তেওঁ সকলোকে আহ্বান জনায়।
ইপিনে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহনীয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়,য'ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাংস্কৃতিক অনুষ্ঠান সমূহে দেশভক্তিমূলক গীত -মাত আৰু নৃত্যানুষ্ঠা পৰিৱেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে।