জাজৰিঃ জাজৰিতো পালন কৰা হয় স্বাধীনতা দিৱস পালন কৰা হয়। জাজৰি আৰক্ষী থানাত পুৱা ৮ বজাৰ লগে লগে পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন ভূঞাই।

বগৰিগুৰি ৰাজহগাঁৱৰ গাঁওবুঢ়া দিলীপ কুমাৰ বৰাৰ নেতৃত্বত বগৰিগুৰি কৈৱত্তগাঁৱত ভি ডি পি আৰু দ-গাঁও ভি ডি পিৰ সহযোগত দক্ষিণ জাজৰি ড০ ভূপেন হাজৰিকা মুকলি মঞ্চৰ সন্মুখত ত্রিৰংগা পতাকা উত্তোলন কৰে সমাজকৰ্মী কনক চন্দ্ৰ বৰদলৈয়ে।

জামুগুৰি ৰাজহুৱা ভৱনৰ সন্মুখত দলংঘাট মণ্ডল বি জে পি ৰ সভাপতি যজ্ঞেশ্বৰ বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰোপৰি জাজৰি অঞ্চলৰ বিদ্যালয়, চৰকাৰী কাৰ্যালয়, বে- চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত পতকা উত্তোলন আৰু খেল ধেমালী আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।