জোনাইঃ জোনাই মহকুমা প্ৰশাসনে স্থানীয় গান্ধী ময়দানত উলহ-মালহেৰে ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰে। মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মহকুমাধিপতি যাদব পেগু আৰু মহকুমা আৰক্ষী বিষয়া ভোলানাথ হাজৰিকা উপৰিও বিভিন্ন লোকে মাল্যৰ্পণ কৰে।

মহকুমাধিপতি যাদব পেগুৱে পতাকা উত্তোলন কৰি আৰক্ষী আৰু বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয়। আবেলি মহকুমা প্ৰশাসন একাদশ আৰু পাব্লিক একাদশৰ মাজত প্ৰীতি ফুটবল মেছ অনুষ্ঠিত হয়। জোনাই মহকুমাৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী-বেচৰকাৰী স্কুল-কলেজ, অনুষ্ঠান-প্ৰতিষ্ঠানও স্বাধীনতা দিৱস উদযাপন কৰে।