
কাজিৰঙাঃ বানে ভয়াৱহ ৰূপ লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো। নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৫ শতাংশ অঞ্চল জলমগ্ন হৈ পৰিছে। বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, ১৯৮৮ চনৰ পিছত এতিয়ালৈকে এইবাৰেই ৰাষ্ট্ৰীয় উদ্যানখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলতে এনেদৰে প্লাৱিত হৈ পৰিছে উদ্যানখননৰ বিস্তীৰ্ণ অঞ্চল। অধিকাংশ জীৱ-জন্তুৱেই এতিয়া প্ৰাণৰ সংশয়ত কাৰ্বি পাহাৰ অভিমুখে ৰাওনা হৈছে। বন বিভাগে জনোৱা মতে, উদ্যানখনৰ ভালেমান ঠাইত পানী ৬ ফুটৰ ওপৰেৰে বৈছে। ডুব গৈছে প্ৰায় আটাইকেইটা চোৰাং চিকাৰী নীৰিক্ষণ কেম্প।
কাজিৰঙাৰ এগৰাকী শীৰ্ষ বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই অন্যান্য সংবাদ মাধ্যমৰ লগতে 'নিউজ নেক্সট ৱান'ক জনোৱা মতে, প্ৰায় ২৯ বছৰৰ অন্তত উদ্যানখনত বানে এনে ভয়াৱহ ৰূপ লৈছে।
তাৰ মাজতে বানে ধোৱা কাজিৰঙাত স্বাধীনতা দিৱস পালন কৰিছে ৰাইজে অনুষ্ঠান-প্ৰতিষ্ঠানে৷ একপ্ৰকাৰ পানীৰ মাজতে কাজিৰঙাত পালন কৰা হয় ৭১ সংখ্যক স্বাধীনতা দিৱস৷
স্বাধীনতাৰ সন্তুষ্টিৰে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ শিক্ষক সমাজে আজি নাৱত উঠি পানীৰ মাজতে উত্তোলন কৰে জাতীয় পতাকা৷ বিভিন্ন ঠাইত পানীৰ মাজতে স্বাধীনতা দিৱস পালন কৰা হয় ।
কাজিৰঙাৰ বহু অঞ্চল এতিয়াও পানীৰ তলত৷ তাৰ মাজতে শিক্ষক সমাজৰ দেশভক্তি দেখি কাজিৰঙাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।