15
Aug
2017

কলিয়াবৰঃ কলিয়াবৰত চৌদিশে আজিও হাহাকাৰ৷ বানে ধোৱা কলিয়াবৰত হাহাকাৰৰ মাজতে ৭১ সংখ্যাক স্বাধীনতা দিৱস পালন কৰা হয়৷ পানীত ডুব গৈ থকা একাংশ বিদ্যালয়ত শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে।
বাঢ়নী পানীত ডুব গৈ থকা মিছা, কলবস্তি, ৰহধলাকে ধৰি বিভিন্ন অঞ্চলত এনেকৈয়ে পতাকা উত্তোলন কৰা হয়।