খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত উলহ-মালহৰে পালন কৰা হয় স্বাধীনতা দিৱস৷ একাধিক উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা কাৰ্বি আংলং বন্ধৰ আহ্বানক নেওচি আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, জেংখা, ডংকামোকাম, মাইলু, হাৱাইপুৰ, দয়াংমুখ, জেৰিকিন্দেং আদি বিভিন্ন প্ৰান্তত বিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত অনুষ্ঠান আদিয়ে স্বাধীনতা দিৱস পালন কৰে৷

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামস্থিত ৰংখাং খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ে তিনিদিনীয়া কাৰ্যসুচীৰে স্বাধীনতা দিৱস পালন কৰে৷ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ে বৃহত্তৰ ডংকামোকাম অঞ্চলত চাফাই অভিযান, ডংকামোকামৰ ৰাম ৰংপি প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসুচী ৰূপায়ণ কৰে৷

জেৰিকিন্দেংস্থিত চছেং উন্নয়ণ খণ্ডৰ উদ্যোগত আৰু জেৰিকিন্দেং আৰক্ষী চকীৰ নেতৃত্বত, কঠোৰ পৰিশ্ৰমত আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মাৰ্চ-পাষ্ট আদি কাৰ্যসুচীৰে জেৰিকিন্দেং খেলপথাৰত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে অঞ্চলবাসীয়ে৷

চছেং উন্নয়ণ খণ্ডৰ উদ্যোগত আয়োজন কৰা কাৰ্যসুচীত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে অংশ লৈ পতাকা উত্তোলন কৰে৷ অভিবাদন গ্ৰহণ কৰি ৰীণা টেৰাংপিয়ে কাৰ্বি জনগোষ্ঠীৰ যুকক সকলক ভাই বুলি সম্বোধন কৰি বন্দুক এৰি মূল সুঁতিলৈ অহিবলৈ আহ্বান জনায়৷ সন্ত্ৰাস-অস্ত্ৰ আদিৰে নহয়, শান্তি-শৃংখলা, সহযোগিতা, কৰ্ম উদ্যমেৰেহে উন্নয়ণ আৰু বিকাশ সম্ভৱ বুলি কয় টেৰাংপিয়ে৷