
লাহোৱালঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে লাহোৱালটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠানল সমূহেও স্বাধীনতা দিৱস পালন কৰে৷ লাহোৱাল বিধান সভা সমষ্টিৰ ঐতিহ্যমণ্ডিত মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উলাহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়৷
বিদ্যালয় খনে ৩দিনীয়া কাৰ্যসূচীৰে পালন কৰে স্বাধীনতা দিৱস। আজি পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰন্য গোঁহাই সেনাপতিয়ে।
শ্বহীদ তৰ্পণ কৰে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পি পি শইকীয়াই। আনহাতে বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়তো স্বাধীনতা দিৱস পালন কৰা হয়৷ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয়।