15
Aug
2017

লখিমপুৰঃ লখিমপুৰতো উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। ৭১ বছৰ আগতে আজিৰ দিনটোতে বৃটিছৰ হাতোৰাৰ পৰা মুক্ত হৈছিল ভাৰতবৰ্ষ।
বীৰ শ্বহীদৰ ত্যাগক সুৱঁৰি সমগ্র দেশৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় ৭১ সংখ্যক স্বাধীনতা দিৱস।
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত বৰুণ ভূঞা।