লংকাঃ কাইলৈ সমগ্ৰ দেশতে উদযাপন হ'ব ৭১ সংখ্যাক স্বাধীনতা দিৱস৷ সোমবাৰে লংকা চহৰত পুৱা প্ৰায় ৯ বজাত বৰষুণৰ মাজতেই লংকা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ পৰা উলিওৱা হয় সংহতিৰ বাবে সমূহীয়া দৌৰ৷

ৰাষ্টীয় সংহতি, একতা লক্ষ্যৰে উলিওৱা হয় এই সমূহীয়া দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে হোজাই জিলা উপাযুক্ত ডঃ এছ লক্ষ্মণ, লংকা ৰাজহ চক্ৰ বিষয়া গৰ্গ মোহন দাস, লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল কুমাৰ দত্তকে আদি কৰি লংকাৰ ভালে সংখ্যাক বিশিষ্ট ব্যক্তিয়ে।

সমূহীয়া দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি হোজাইৰ উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি সমূহ ৰাইজক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়৷