মুকালমুৱাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ৭১ তম স্বাধীনতা দিৱস পালন কৰে৷ পুৱাই অঞ্চলটোৰ লোকসকল ঘৰৰ পৰা ওলাই আহে স্বাধীনতা দিৱস পালন কৰিবলৈ৷

কুৰিহামাৰী প্ৰাথমিক চিকিৎসালয় পানীত বুৰ গৈ থকাৰ মাজতে চিকিৎসক-নাৰ্ছ তথা কৰ্মচাৰীসকলে পানীৰ মাজতে কলৰ ভূৰত উঠি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ শতাধিক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান এতিয়া বানৰ কবলত। যাৰ ফলত এনেদৰে পানীৰ মাজতে উদযাপন কৰিব লগা হৈছে স্বাধীনতা দিৱস।