মোৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে হোজাইৰ মোৰাঝাৰতো আমছুৰ উদ্যোগত ৭১ তম স্বাধীনতা দিৱস জাক-জমকতাৰে উদযাপন কৰে। আমছুৰ মোৰাঝাৰ আঞ্চলিক সমিতিয়ে মোৰাঝাৰস্থিত গাইডেন্স জুনিয়ৰ কলেজত পূৱা ৮ বজাত কলেজৰ অধ্যক্ষ নাজিম উদ্দিনে পতাকা উত্তোলন কৰে৷

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, আকস্মিক বক্তৃতা, গীত আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ এক বজাত মুকলি সভা অনুষ্ঠিত হয়৷ সভা খনৰ আতঁধৰে আমছুৰ মোৰাঝাৰ আঞ্চলিকৰ সভাপতি এজাজুল হকে।

সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক গিয়াচ উদ্দিন তাপাদাৰ, গাইডেন্স জুনিয়ৰ কলেজৰ সঞ্চালক এন আহমেদ, অধ্যক্ষ নাজিম উদ্দিন, আমছুৰ মোৰাঝাৰ আঞ্চলিক সমিতিৰ সম্পাদক স্বাৰজুল আলম, উদীয়মান সমাজসেৱী স্বাকিলুজ জামান আৰু যুৱ সমাজসেৱী ৰিজৱান হুচেইন আদি উপস্থিত থাকে৷