নগাঁওঃ নগাঁও জিলাৰ এটি বৃহৎ এলেকা পানীত বুৰ যায় আছে যদিও ৰাইজে ফলাহ-মালহেৰে পালন কৰে স্বাধীনতা দিৱস৷ দেশপ্ৰেমী অলেখজনৰ মৰণপণ সংগ্ৰাম আৰু আত্মত্যাগৰ বিনিময়ত ইংৰাজৰ হাতৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টৰ এক শুভ ক্ষণত ঘূৰি আহিছিল দেশৰ স্বাধীনতা৷

দেশবাসীৰ বাবে চিৰস্মৰণীয় দিনটোত স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰিবলৈ ওলাই আহে৷ বিগত বহকেইটা বছৰত উগ্ৰপন্থী সংগঠনৰ নেতিবাচক ভূমিকাৰ বাবেই ১৫ আগষ্টৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰতি থকা ৰাইজৰ আবেগ-অনুভূতি আৰু উৎসাহ-উদ্দীপনা ৰাজ্যত ভালেখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল৷

কাৰণ ৰাজ্যত সিঁচৰিত হৈ থকা সৰু-বৰ উগ্ৰপন্থী সংগঠনসমূহে নিজৰ সাংগঠনিক স্থিতি তথা শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে এনেবোৰ মহান দিনত নানা হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ বিপৰীতে এই দিৱস বৰ্জনৰ আহ্বান জনাই ৰাইজৰ মাজত একপ্ৰকাৰে আতংকৰ চাপ বিয়পাই তোলে৷

যাৰ পৰিণতিত চৰকাৰৰ কঠোৰ নিৰ্দ্দেশনা, আশ্বাস তথা নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাকো আওকাণ কৰি এই দিৱস পালনৰ পৰা অনিচ্ছাকৃতভাৱে হ’লেও বিৰত থাকিবলৈ বাধ্য হয় সাধাৰণ জনতা তথা বিভিন্ন পক্ষ৷ ইয়াৰ বিপৰীতে সাধাৰণ জনতাই গৃহ বন্দিত্বৰে পাৰ কৰে এনে মহত্বপূৰ্ণ দিনটো৷ কিন্তু এইবাৰ নগাঁও জিলাত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা গ’ল৷

বান তথা উগ্ৰপন্থী সংগঠনৰ সম্ভাব্য কূটাঘাতৰ আশংকাত প্ৰশাসনে জিলাখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাত বিৰাজ কৰা এক চেপা উত্তেজনাময় পৰিস্থিতিক সম্পূৰ্ণৰূপে আওকাণ কৰি নগঞা জনগণে বেছ উলহ-মালহেৰে পালন কৰে দেশৰ ৭১ তম স্বাধীনতা দিৱস৷

জিলাখনৰ বানাক্ৰান্ত অঞ্চলবোৰৰ বাহিৰে সকলো স্থানৰে বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বেংক, ডাকঘৰ, সংঘ, ক্লাৱ, চৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানবোৰত আজি পুৱাৰ ভাগত আড়ম্বৰপূৰ্ণভাৱে পতাকা উত্তোলনকে ধৰি নানা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰে৷ আনহাতে জিলাখনৰ সৰহ সংখ্যক শিক্ষানুষ্ঠানতে আজিৰ পৰা বহু বছৰ আগতে স্বাধীনতা দিৱস উপলক্ষে পুৱাৰে পৰা শিক্ষানুষ্ঠানবোৰত সৃষ্টি হোৱা ব্যস্ততাপূৰ্ণ মনোমোহা পৰিবেশৰ পুনৰাবৃত্তি হোৱা পৰিলক্ষিত হয় ৷

পুৱাৰে পৰা স্কুলীয়া ইউনিফৰ্মত ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে নানা তৰহৰ ফুল লৈ বিদ্যালয়লৈ অহা আৰু নিৰ্দ্দিষ্ট সময়ত জাতীয় পতাকাৰ তলত গুৰু-শিষ্য সমবেত হৈ গভীৰ শ্ৰদ্ধা সহকাৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা তথা পৰৱৰ্তী সময়ত সকলোয়ে একগোট হৈ আনন্দ-স্ফূৰ্তিৰে খেল-ধেমালিত মত্ত হোৱাৰ দৰে মনোৰম দৃশ্যাৱলীয়ে বহু বছৰ বিৰতিৰ পিছত নগাঁৱত এক সুকীয়া পৰিবেশৰ সূচনা কৰা দৃষ্টিগোচৰ হয়৷