ৰহাঃ বিদ্ৰোহী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানক নেওচি স্বাধীনতা দিৱস পালনৰ বাবে ওলাই আহিল ৰাজ্যৰ লোকসকল৷ নগাঁৱৰ ৰহাতো ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।

ৰহা পুৰনা চাৰিআলিত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া পল্লৱী কছাৰীয়ে। স্বাধীনতা দিৱস অনুষ্ঠানত স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসৰ লগতে বহু গন্য মান্য লোক উপস্থিত থাকে।