15
Aug
2017

ৰঙিয়াঃ ৰঙিয়াতো ৰাইজে উলাহ মালহেৰে পালন কৰিলে স্বাধীনতা দিৱস৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় ৭১ তম স্বাধীনতা দিৱস।
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭১ তম স্বাধীনতা দিৱস পালন কৰা হয়৷ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ৈ পতাকা উত্তোলন কৰে।
আৰক্ষী, এন চি চি , বিভিন্ন স্কুলৰ শিক্ষাৰ্থীয়ে বিভিন্ন অনুষ্ঠান পৰিবেশ কৰে৷ অনুষ্ঠানটোত মুক্তি যোদ্ধা কৃষ্ণ লহকৰ, ৰাজ্য চৰকাৰৰ দ্বাৰা শিল্পী পেঞ্চনাৰ নৰেন শৰ্মা, কৃষক, খেলুৱৈ, কৰ্মচাৰী, আদিক সম্বৰ্ধনা জনাই প্ৰশাসনে।