শান্তিপুৰঃ সমগ্ৰ ৰাজ‌্যৰ লগতে আজি কাৰ্বি আংলং জিলাৰ বৰপথাৰ শান্তিপুৰতো ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।

বৰপথাৰ শান্তিপুৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত পালন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ নাগৰিক তথা বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সাধাৰণ সদস্য মুকুট মহন্ত উপস্থিত থাকে।