15
Aug
2017

জয়সাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস। জিলাৰ প্ৰশাসনে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত পালন কৰে ৭১সংখ্যক স্বাধীনতা দিৱস।
জিলাখনৰ উপায়ুক্ত নাৰায়ণ মেলেং কোঁৱৰে পতাকা উত্তোলন কৰি জিলাখনত ৰূপায়ণ হৈ থকা আৰু ৰূপায়ণ হ’বলগীয়া বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে।
জাকজমকীয়া অনুষ্ঠানটোত জিলাখনৰ আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰে। আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ সহিতে মুঠ ৩৫টা মাৰ্চ-পাষ্ট দলৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্ত গৰাকীয়ে।