নাওকাটাঃ বাক্সা জিলাৰ নাওকাটাৰ সমীপৰ সুৱাগপুৰতো ৭১তম স্বাধীনতা দিৱস পালন কৰা হয়৷ পুৱাৰ ভাগত ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

পতকা ভাষণ প্ৰসংগত তেওঁ স্বাধীনতা দিৱসৰ তাৎপর্য বাখ্যা কৰি যি সকল মহান পুৰুষৰ প্ৰচেষ্টাত দেশে স্বাধীনতা লাভ কৰে তেওঁলোকক স্মৰণ কৰি আজি প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে।

স্থানীয় সামূহিক ভৱন প্ৰাংগনত অনুষ্ঠিত তথা বিটিচিৰ ইএম গণেশ কছাৰীয়ে আঁতধৰা অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সকলে অংশগ্ৰহণ কৰি দেশপ্ৰেমমূলক আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীতে মন্ত্রমুগ্ধ কৰি তোলে উপস্থিত লোকক।

তাৰ পিছতে হিতাধিকাৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে ইএম গণেশ কছাৰীয়ে। অনুষ্ঠানত ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰ এছ সঞ্জয়, ত্ৰিপুৰা ছাত্ৰ সংগঠনৰ নেতা অমিত দেৱবৰ্মাকে ধৰি অঞ্চলটোৰ প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থাকে।