শুক্লাইঃ বানৰ মাজতে ৰাজ্যজুৰি ৰাইজে পালন কৰিবলৈ ওলাই আহিল ৭১ তম স্বাধীনতা দিৱস৷ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাতো উলহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস৷

ভেৰগাঁও মহকুমা প্ৰশাসনে ভেৰগাঁৱত ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰে। ভেৰগাঁৱৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই পতাকা উত্তোলন কৰে।

মহকুমাধিপতি হাজৰিকাই জোতা পিন্ধি পতাকা উত্তোলন কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেইবা হাজাৰ লোক উপস্থিত থকা স্বাধীনতা দিৱস অনুষ্ঠানতে নৃত্য,গীত,বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনায় ভেৰগাঁও প্ৰশাসনে।

অনুষ্ঠানত পানেৰিৰ বিধায়িকা, বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়ো, বি টি চিৰই এম জগদীশ সৰকাৰৰ লগতে কেইবা হাজাৰ লোক উপস্থিত থাকে।