15
Aug
2017

তামুলপুৰঃ তামুলপুৰতো পালন কৰা হয় স্বাধীনতা দিৱস৷ তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচকত ৭১ তম স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীযে।
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্কুল সমূহৰ মাজত কুইজ, চিত্ৰংকন, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি, স্কাট গাইডৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে। তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, দেবেন বড়ো, ছাত্ৰ-ছাত্ৰী, দল সংগঠনৰ বিষয়ববীয়া, বিষয়া কৰ্মচাৰী, উপস্থিত থাকে।