ওদালগুৰিত ৭১সংখ্যক স্বাধীনতা দিৱস পালন

ওদালগুৰিঃ ওদালগুৰিতো ৭১সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়৷ ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

পতকা উত্তোলনৰ পাছতে আৰক্ষী, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাৰ্চ-পাষ্ট দলৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।