newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতত সাংবাদিক হত্যাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা ৰিপটাৰ্ছ উইদাউত বৰ্ডাৰ্ছ সংগঠনটোৰ শেহতীয়া প্ৰতিবেদনত প্ৰতিফলিত হৈছে ভাৰতীয় সংবাদ জগতৰ এক ভয়ংকৰ শংকাকূল পৰিস্থিতিৰ। সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত আন্তর্জাতিক স্বেচ্ছাসেৱী সংস্থাটোৰ বুধবাৰে প্ৰকাশিত প্ৰতিবেদন যোগে ভাৰতৰ সাংবাদিকক সতৰ্ক কৰি দিছে- 'ভাৰতত সাংবাদিকৰ জীৱন বিপদসংকূল!’ 

বিগত ১৭ মাহত ভাৰতত ৭ গৰাকী সাংবাদিকক হত্যা কৰা হৈছে৷ তদুপৰি উদ্বেগজনক হাৰত ভাৰতত বৃদ্ধি হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷ আৰএছএফৰ প্ৰতিবেদন মতে ২০১৭ চনত কেৱল পেচাগত কাৰণত কমেও তিনিজন সাংবাদিকৰ মৃত্যু হৈছে৷ ২০১৮ চনৰ প্ৰথম ৬ মাহত আৰু ৪ গৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ কাশ্মীৰৰ ৰাইজিং কাকতৰ সাংবাদিক চুজাত বুখাৰীক হত্যা কৰা হৈছে৷ নিজৰ কাৰ্যালয়ৰ সন্মুখতে আততায়ীয়ে প্ৰাণ লৈছে চুজাত বুখাৰীৰ৷ ১৯৯২ চনৰ পৰা এতিয়ালৈ ৪২ জন সাংবাদিকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷

ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত ভাৰতৰ স্থান একেবাৰেই নিম্নগামী হৈছে৷ এইমুহূৰ্তত অৱনমিত ভাৰতে ১৮০ ভিতৰত ১৩৮ স্থানত আছে৷ আন এক প্ৰতিবেদন মতে ভাৰতৰ সাংবাদিকে খবৰ বিচাৰি যোৱাৰ সময়ত প্ৰায়ে নিৰ্যাতনৰ বলি হয়৷ কেৱল দুৰ্বৃত্তই নহয়, আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, আমোলাকে আদি কৰি বিভিন্নজনৰ হাতত নিৰ্যাতিত হৈ আহিছে ভাৰতীয় সাংবাদিক।