ডিজিটেল ডেস্কঃ ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰিবলৈ সক্ষম হোৱা মোদীৰ তিনিদিনীয়া ভ্ৰমণসূচীত ইজৰাইল আৰু ভাৰতৰ মাজত পোনপটীয়া বিমানসেৱা মুকলি কৰাৰ কথা ঘোষণা কৰে মোদীয়ে।

বুধবাৰে তেল আভিভ কনভেঞ্চন চেণ্টাৰত এই ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে উপস্থিত ৫ হাজাৰৰো অধিক দৰ্শক। এই বিমানসেৱা দিল্লী-মুম্বাই-তেল আভিভৰ মাজত মুকলি কৰা হ’ব বুলি কয় মোদীয়ে।

তদুপৰি অভাৰচিজ চিটিজেন অব ইণ্ডিয়াৰ কাৰ্ড লাভ কৰাৰ বাবে নীতি-নিয়মো উজু কৰি তোলা হ’ব বুলি মোদীয়ে জানিবলৈ দিয়ে।

প্ৰযুক্তি, উদ্ভাৱনা আৰু বিজ্ঞানেই দুয়োখন দেশৰ সম্পৰ্কক মজবুত কৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 'প্ৰদৰ্শন আৰু পৰিৱৰ্তন’- এয়াই মোদীৰ মন্ত্ৰ বুলি ঘোষণা কৰে মোদীয়ে।

উল্লেখ্য যে ৭০ বছৰত প্ৰথমবাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীক লৈ ইজৰাইলস্থিত ভাৰতীয়সকলৰ লগতে সমগ্ৰ দেশখনেই উৎসাহিত হৈ পৰা বুলি পৰিস্ফুট হৈছে। 

পাকিস্তানে ৰাখিছে শেনচকু

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ইজৰাইলত ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিটো চালচলনতে নজৰ ৰাখিছে। দৰাচলতে সমগ্ৰ অঞ্চলটোৰ কূটনীতিৰ ওপৰত জনপ্ৰিয় নেতাগৰাকীৰ এই সাক্ষাতে প্ৰভাৱ পেলাব পাৰে বুলিয়ে প্ৰতিটো পদক্ষেপতে নজৰ ৰাখিছে পাক চৰকাৰে।

দা এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশিত তথ্যমতে পাকিস্তানে পোনপটীয়াকৈ ভাৰত-ইজজৰাইলৰ দ্বিপাক্ষিক সম্পৰ্কত মন্তব্য কৰা নাই যদিও পাক মহলত এই লৈ আলোচনা নচলা নহয়।

দৰাচলতে ইজৰাইলে ভাৰতত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক প্ৰযুক্তিৰ মুখ্য যোগানকৰ্তা হেতুকে দুয়োখন দেশৰ সম্পৰ্কৰ মজবুত হোৱাটো পাকিস্তানৰ বাবে চিন্তাৰ বিষয় হৈ পৰাটো স্বাভাৱিক।