anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ আহিছে এগৰাকী উচ্চ পদস্থ মহিলা আৰক্ষী বিষয়াৰ মহানুভৱতাৰ নিদৰ্শনৰ কথা৷ দিল্লীত কৰ্মৰত মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম হৈছে আছলাম খান৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আছলাম খানৰ মহানুভৱতাৰ কথা কথা প্ৰকাশ কৰাৰ লগে লগে ব্যাপক চৰ্চালৈ আহে৷ 

ভাৰত-পাক সীমান্তৰ জম্মু-কাশ্মীৰৰ আৰএছপুৰাৰ ফ্লৰা গাঁৱৰ এটা পৰিয়ালক আছলাম খানে নিজৰ দৰমহাৰ এটা অংশ প্ৰদান কৰি আহিছে৷ ইমানে নহয় দুৰ্ভগীয়া পৰিয়ালটোৰ নিতৌ খবৰ পৰ্যন্ত লয়৷ সেই গাঁও খনৰ মানুহে দিল্লীৰ আৰক্ষীৰ আয়ুক্ত আছলাম খানক দেখা নাই যদিও সন্মান কৰে৷

উত্তৰ দিল্লীৰ আৰক্ষী আয়ুক্ত খানে জম্মু কাশ্মীৰৰ ফ্লোৰা গাঁৱৰ পৰিয়ালটোক প্ৰতি মাহে নিজ দৰমহাৰ পৰা এটা অংশ প্ৰেৰণ কৰে৷ জানুৱাৰী মাহত পৰিয়ালৰ মুৰব্বী জনক হত্যা কৰিছিল আৰু হত্যাকাণ্ড সংঘটিত হৈছিল দিল্লীত৷ পৰিয়ালটোৰ দুগৰাকী যুৱতী সহ কেইবাটাগৰাকী সদস্য আছে আৰু পৰিয়ালটোৰ চলিবলৈ নাছিল কোনো সামৰ্থ৷ তাৰ পিছতে সেই পৰিয়ালটোক প্ৰতি মাহে টকা প্ৰেৰণ কৰি ঘৰ খন চলাই আহিছে আছলাম খানে৷ যাৰ বাবে পৰিয়ালটোৱে কেতিয়াও এই সহায় পাহৰিব নোৱাৰো বুলি কয়৷

পৰিয়ালটোৰ মুৰব্বীৰ নাম আছিল মান সিং৷ তেওঁ আছিল ট্ৰাক চালক৷ ৯ জানুৱাৰীত এটা যুৱকৰ দলে মান সিঙক বৰ্বৰ ভাৱে হত্যা কৰে৷ আছলাম খানে কয় যে মি সেই পৰিয়ালটোৰ কথা অৱগত হৈছিলো৷ তেতিয়া মই গম পাইছিলো পৰিয়ালটো অতি দৰিদ্ৰ৷ এই কথা অৱগত হোৱাৰ পৰা প্ৰতিমাহে মই সেই পৰিয়ালটোক দৰমহাৰ পৰা এটা অংশ প্ৰেৰণ কৰি আহিছোঁ৷ 

মান সিঙৰ হত্যাকাণ্ড সংঘটিত হৈছিল দিল্লীত৷ দিল্লীৰ জাহাংগীৰপুৰ এলেকাত হত্যা কৰিছিল৷ মান সিঙে সেই দিনা ছণ্ডিগড়ৰ পৰা দিল্লীলৈ আহি আছিল৷ এই ঘটনাৰ পিছতে পৰিয়ালটোৰ সৈতে ফোনযোগে যোগাযোগ হয়৷ প্ৰতিমাহে পৰিয়ালটোক সহায় কৰে যদিও এতিয়ালৈ সাক্ষাৎ হলে হোৱা নাই আছলাম খানৰ সৈতে৷