
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ চুবুৰী গাঁৱত স্থাপিত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰত মঙলবাৰে সেনাৰ দ্বাৰা নিৰ্মিত মন্দিৰ সংলগ্ন চ'ৰা ঘৰ এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
ভাৰতীয় সেনা বাহিনীৰ তামুলপুৰস্থিত ১০৭ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত সাজি উলিওৱা ৫৪ ফুট দৈৰ্ঘ আৰু ২১ বহলৰ মন্দিৰ সংলগ্ন চ'ৰা ঘৰটি আজি পুৱা ১১ বজাত আয়তী-উৰুলি আৰু মাংগলিক ধ্বনিৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰেড হৰ্ণ ডিভিজনৰ ব্ৰিগেডিয়াৰ কামাণ্ডাৰ সেনা চক্ৰ আৰু সেনা মেডেল প্ৰাপক গৌৰৱ ঋষিয়ে।
উদ্বোধনী ভাষনত সেনা বিষয়া গৰাকীয়ে ষোল্ল লাখ আঠ হাজাৰ টকা ব্যয় সাপেক্ষে সাজি উলিওৱা চ'ৰা ঘৰটিৰ লগতে মন্দিৰ চৌহদটো এক প্ৰকল্প হিচাপে গঢ়ি তুলিবৰ বাবে তেওঁ মন্দিৰ চৌহদত ফুটবল, ভলীবলৰ খেল পথাৰ নিৰ্মাণ কৰি শিশু আৰু যুৱক-যুৱতী সকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে তেওঁ উপস্থিত ৰাইজক আহ্বান জনায়।
তদুপৰি চ'ৰা ঘৰটিত শিশুশিক্ষাৰ লগতে গ্ৰাম্য জনসাধাৰণক ধৰ্মচৰ্চাৰ কেন্দ্ৰস্থল হিচাপে গঢ় দিবলৈ ৰাইজক আহ্বান জনায়। প্ৰসংগ ক্ৰমে তেওঁ চুলাই সেৱন কৰিবলৈ এৰি ঈশ্বৰ সেৱাত মনোনিবেশ কৰিবলৈকো উপস্থিত ধৰ্মপ্ৰাণ লোকসকলক অনুৰোধ জনায়। লগতে তেওঁ প্ৰকল্প নিৰ্মাণৰ কামত সেনাই ভৱিষ্যতে সহায় আগবঢ়োৱাৰ বিষয়ে আশ্বাস দিয়ে।
আনহাতে, কাৰ্যসূচীত তামুলপুৰস্থিত ৰেডহৰ্ণ ডিভিজনৰ কমাণ্ডিং বিষয়া সজন শুক্লা, স্থানীয় অৱসৰপ্ৰাপ্ত সেনা বিষয়া বানেশ্বৰ ৰাভা, স্থানীয় গাঁওবুঢ়া দয়াৰাম মদাহি, জয়কান্ত হীৰা, শিক্ষক ৰণোজ কুমাৰ ৰাভা, তনুৰাম দাস, গোপীনাথ ব্ৰহ্ম ধনেশ্বৰ ৰাভাৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।