গৰৈমাৰীঃ এগৰাকী প্ৰাক্তন সেনা বিষয়াক বাংলাদেশী বুলি সন্দেহ কৰি বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী।

ভাৰতীয় সেনা-বাহিনীত প্ৰায় ৩১ বছৰ সেৱা কৰি শত্ৰু পক্ষৰ পৰা দেশৰ ভূ-খণ্ডক ৰক্ষা কৰাৰ বাবে  অতন্দ্ৰ প্ৰহৰী ৰূপে কাম কৰি অৱশেষত বিদেশী বুলি অপমান সহিব লগা হৈছে সেনা বিষয়াগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ বকোত।

ভাৰতীয় সেনাবাহিনীত চাকৰি কৰি ৰাষ্ট্ৰপতিৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰা সেনা বিষয়া এজনলৈ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই সন্দেহজনক নাগৰিকৰ জাননী জাৰি কৰি বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। সেনাবাহিনীত ৩০ বছৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা লোকজনৰ নাম হৈছে আজমল হক।

কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কলহীকাষ গাঁৱৰ বাসিন্দা তেওঁ। ২০১৬ চনৰ ছেপ্টেম্বৰত জুনিয়ৰ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে আজমল হকে। অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীৰ নামত সন্দেহযুক্ত নাগৰিকৰ জাননী জিলা আৰক্ষী অধিক্ষকে প্ৰেৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজমল হকক ভাৰত চৰকাৰে সুখ্যাতিৰে কৰ্তব্য পালন কৰাৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি এপি জে আব্দুল কালামৰ জৰিয়তে প্ৰশংসা পত্ৰও দিছিল। তেওৰ পুত্ৰয়ো সেনা-বাহিনীত চাকৰি কৰি আছে৷

কিন্তু ইমানৰ পিছতো সন্দেহজনক নাগৰিক ৰূপে অভিহিত কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে ১৯৫১ চনৰ এনআৰচিত পিতৃৰ নাম থকা সেনা বিষয়াগৰাকীয়ে৷ 

কেৱল ইমানেই নহয় ২০১২ চনত আজমল হকৰ পত্নীলৈও প্ৰেৰণ কৰিছিল সন্দেহযুক্ত নাগৰিকৰ জাননী। কিন্তু আদালতত তথ্য দাখিল কৰাৰ পিছত অভিযোগ মুক্ত হয় তেওঁৰ পত্নী।

সন্দেহযুক্ত নাগৰিকৰ নামত প্ৰাক্তন সেনাসহ পত্নীক হাৰাশাস্তি কৰাক লৈ এতিয়া ক্ষোভিত আজমল। কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে প্ৰাক্তন সেনা বিষয়া আজমল হক।

মানহানিৰো গোচৰ তৰাৰো সিদ্বান্ত লয় পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে। অবৈধ নাগৰিকক বিচৰাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তি ভোগ কৰি আহিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷