
ধেমাজিঃ আজিৰে পৰা আৰম্ভ হ'ল অসম লোকঔষধি চিকিৎসক সন্থাৰ প্ৰথম বাৰ্ষিক অধিবেশন। ধেমাজি জিলাৰ কবিৰাজ থানেশ্বৰ শৰ্মা ক্ষেত্ৰ তেলিজান পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অধিবেশনৰ পতাকা উত্তোলন কৰে অসম লোকঔষধি চিকিৎসক সন্থাৰ স্থায়ী সভাপতি জীৱেশ্বৰ বৰপাত্ৰই।
ইফালে আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত উদ্ভিদ বিজ্ঞানী ড. হেমেন হাজৰিকাই লোকঔষধিৰ ওপৰত বক্তব্য দিয়ে। ইতিমধ্যে অধিবেশনস্থলীলৈ অসমৰ বিভিন্ন জিলাৰ পৰা বনৌষধিৰ চিকিৎসকৰ আগমন ঘটিছে।
অসমৰ হাবি-বননিত সিঁচৰিত হৈ থকা বনৌষধিৰ ভঁৰাল, এলপেথিক দৰৱৰ পাৰ্শ্চক্ৰিয়া আদি সম্পৰ্কত অধিবেশনস্থলীত আলোচনা হ’ব।
উল্লেখ্য যে পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে।