08
Jul
2017

ডিজিটেল ডেস্কঃ কথমপি বিমান দুৰ্ঘটনাৰ পৰা হাত সাৰিল বহু যাত্ৰী৷ আজি দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত হয় এই ঘটনা৷ দিল্লীৰ পৰা মুম্বাইলৈ উৰণৰ প্ৰাকমুহুৰ্তত ইণ্ডিগোৰ এখন বিমান এখনৰ পাখিয়ে ইণ্ডিগোৰ যাত্ৰীবাহী বাছ এখনৰ খিৰিকীত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ঘটনা৷
নিৰ্ধাৰিত স্থানত স্পাইছজেটৰ বিমান এখন পাৰ্ক কৰিবৰ বাবে ঘুৰাওতেই ইণ্ডিগোৰ বাছখনৰ খিৰীকিত খুন্দা লাগে৷ ফলত বাছখনৰ এখন খিৰীকি ভাঙি যায় আৰু ফলত ৫ গৰাকী যাত্ৰী আহত হয়৷ আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে বিমান বন্দৰৰ চিকিৎসা কেন্দ্ৰলৈ নিয়া হয়৷