গুৱাহাটীঃ গানে কি আনে সুৰৰ সোপানে সোপানে৷ গানে শব্দৰ মাজেৰে কঢ়িয়াই আনে সুখৰ বতৰা৷ গানে আনে শান্তি, গানে আনে জীৱনৰ প্ৰশস্তি৷ এই গানৰ মাজতে এখোজ দুখোজ কৈ আগবঢ়া উদীয়মান কণ্ঠশিল্পী ৰূপাংকৰ ডেকাই সংগীতৰ জগতখনত সংযোজন ঘটালে এমুঠি সুৰীয়া গীত৷

আজি গুৱাহাটী প্ৰেচ ক্লাবত শুভমুক্তি লাভ কৰা প্ৰয়াস নামৰ গীতৰ এলবামখনি উন্মোচন কৰি তেওঁ গানৰ পথাৰখনত খোজ দিয়ে৷

ৰূপাংকৰৰ কন্ঠেৰে, শান্তনু গোস্বামীৰ কথা আৰু প্ৰিয়াংকু বৰদলৈৰ সুৰ সমৃদ্ধ প্ৰয়াসত আছে মুঠ পাঁছটা ভিন্নসুৰী আধুনিক গীত। আজি সংবাদ মেল খনত ৰূপাংকৰে জানিবলৈ দিয়া মতে তেওঁৰ মিউজিক এলবাম খনৰ এটি গীতৰ দৃশ্য গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে, এসপ্তাহৰ ভিতৰতে ইউ টিউবত গীতটো মুকলি কৰি দিয়া হ’ব।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এলবামখনিৰ উন্মোচনী অনুষ্ঠানত সংগীতশিল্পী জে পি দাস, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত দাস আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।