
ডিমাকুছিঃ নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কৈ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটে ভোট ভিক্ষা কৰিছিল৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷
গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২০ মাহ পূৰ্বে শাসনৰ গাডী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ তাৰ মাজতে এটি প্ৰকাণ্ড আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে মৃত্যুৰ সৈতে যুজ দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ছাগলীঝাৰত আঘাত প্ৰাপ্ত হাতীটোক গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ যদিও বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে খাদ্যৰ সন্ধানত ওলাই আহি এই হাতীটোক কোনো লোকে আক্ৰমণ কৰে৷
যাৰ ফলত হাতীটোৱে খোজ কাঢ়িব নোৱাৰা হয়৷ দেহ আঘাত লৈ চটফটাই থকা হাতীটোক চিকিৎসাৰ ব্যৱস্থা কৰা নাই বন বিভাগে৷ জীৱ শ্ৰেষ্ঠ মানৱৰ জিঘাংসাৰ বলি হোৱা বনৰীয়া হাতীটোৰ আৰ্তনাদে কপাইছে মানুহৰ হৃদয়। দেহত আঘাত লৈ নৈপাৰৰ এডৰা হাবিত সময় পাৰ কৰিছে হাতীটোৱে৷ ভাৰত ভূটান সীমান্তৱৰ্তী ছাগলীঝাৰ অঞ্চলত আঘাতপ্ৰাপ্ত হাতীটোৱে কেইবাদিনো ধৰি ইয়াতে মৃত্যুৰ ক্ষণ গনিছে। এতিয়ালৈকে হাতীটোৰ চিকিৎসাৰ বাবে উপস্থিত হোৱা নাই বন বিভাগৰ কোনো লোক কিম্বা চিকিৎসক।