
মৰিয়ণিঃ একাপ চাহৰ বিনিময় কিমান হ’ব পাৰে৷ পাচ টকা কিম্বা দহ টকা৷ পিছে একাপ চাহৰ বাবদ মাজুলীৰ এজন যুৱকে হেৰুৱাব লগা হ’ল নগদ ত্ৰিশ হাজাৰ টকা আৰু দুটা মোবাইল৷ চলন্ত ৰেলগাড়ীত ঘটিল অঘটন৷
এই ঘটনা ঘটিল মাজুলীৰ গোৱালগাঁৱৰ যুৱক বাবুল নেওগৰ লগত৷ গুৱাহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখনত যোৰহাটলৈ আহি থকা অৱস্থাত চলন্ত ৰেলত সমুখৰ চিটত বহি অহা লোক এজনৰ সৈতে চা-চিনাকি ঘটে৷ পাছত সেই চা-চিনাকিয়ে বন্ধুত্বলৈ পৰ্যবসিত হয়৷ সমুখৰ চিটৰ যাত্ৰীগৰাকীয়ে শেষত একাপ চাহ খোৱাৰ প্ৰস্তাৱ ৰাখে৷ নিশাৰ যাত্ৰাত টোপনিও নাহে৷ সেয়ে নতুন বন্ধুৰ সতে চাহৰ লগে লগে আলাপ কৰিবলৈ বাবুলেও ভালেই পায়৷
নতুন বন্ধুই লগত লৈ অনা চাহ একাপ বাবুলক খুব আদৰেৰে যাঁচে৷ আৰু ইয়াৰ পাছতেই ঘটিল অঘটনটো৷ চাহ খাই টোপনি যোৱা বাবুলে যেতিয়া চকু মেলিলে নিজকে যোৰহাট মেডিকেল কলেজত পায়৷ তেতিয়াহে তেওঁৰ সকলো কথা মনলৈ আহে৷ চলন্ত ৰেলত গঢ়ি লোৱা নতুন বন্ধুৱে চাহৰ লগত অচেতন হোৱা দৰৱ মিহলাই লুটি লৈ গ’ল ত্ৰিছ হাজাৰ টকা, দুটা মোবাইল আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ৷
নিশাৰ ভাগতে কিছু লোকে বাবুল নেওগক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰে।