প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বালিপৰাঃ নিশা ৰাস মহোৎসৱ চাই ঘৰলৈ উভতি অহা এগৰাকী অসহায় যুৱতীগৰাকীক ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰৰ চাৰিদুৱাৰত৷ জানিব পৰা মতে, চাৰিদুৱাৰৰ মৰিসুতি গাঁৱৰ এগৰাকী যুৱতীয়ে একে গাঁৱৰে এজন যুৱকৰ সৈতে নিজ ঘৰৰ সমীপৰ মৰিসুতিত ৰাস মহোৎসৱ চাবলৈ যায়৷ শনিবাৰে যুৱকজনৰ সৈতে যুৱতীগৰাকীয়ে স্কুটিত গৈছিল যদিও নিশা যুৱতীগৰাকীয়ে পুনৰ যুৱকজনৰ সৈতে উভতি আহে।

যুৱক-যুৱতী হালে উভতি অহাৰ পথত স্কুটি খনৰ এটি চকা পামচাৰ হয়৷ তেনে সময়তে একেটা পথেৰে ৰাস চাই আহি থকা মৰিসুতি গাঁৱৰ সুনিল ৰায় নামৰ এজন বিবাহিত লোকে তেওলোকক পথত দেখা পায় মাত লগাই৷ তেওলোকে স্কুটি খন বেয়া হোৱা বুলি কয় সুনিল ৰায়ক৷ যুৱতীগৰাকীক খোজকাঢ়িব নালাগে বুলি কৈ ঘৰত থৈ অহাৰ ভাও ধৰে সুনিল ৰায়ে৷

একে অঞ্চলৰ চিনাকী লোক হোৱাৰ বাবে যুৱকজনে সুনিল ৰায়ৰ সৈতে যুৱতীগৰাকী যাবলৈ দি ঘৰত থৈ আহিবলৈ কয়৷ সুনিল ৰায়ে কিছু দূৰ চাইকেলত উঠাই নি নিৰ্জন ঠাইত চাইকেল খন ৰখাই যুৱতীগৰাকীৰ দেহত হাত দিয়ে৷ যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি যুৱতীগৰাকীক ধৰ্ষন কৰাৰ অভিযোগ উত্থাপন কৰে খোদ যুৱতীগৰাকীয়ে৷ আনহাতে এই কথা কোনো লোকক কলে প্ৰানে মৰাৰ ভাবুকি দিয়ে সুনিল ৰায়ে।

পাছত যুৱতিগৰাকীয়ে পৰিয়ালৰ লোকক সবিশেষ বিৱৰি কোৱাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে সুনিল ৰায়ক আটক কৰিবলৈ সক্ষম হয়। সুনিল ৰাই নামৰ ব্যক্তিজন মাৰাত্মক HIV ৰোগত আক্ৰান্ত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে অভিযুক্ত সুনিল ৰায়ক ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭৬/৫০৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷