কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ ক্ৰমান্বয়ে ধূসৰ হৈ পৰিছে সমগ্ৰ ঘটনাৱলী। হত্যাকাণ্ড গো-মাফিয়া নে ৰাজনৈতিক নে ব্যৱসায়িক নে ব্যক্তিশত্ৰুৰ দ্বাৰা সংঘটিত হল তাকে লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হত্যাকাাণ্ড যাৰ দ্বাৰাই নহওক কিয় হত্যাকাণ্ডৰ আঁৰত এক শক্তিশালী পক্ষ জড়িত আছে বুলি দাবী কৰিছে।

♦ লাফিকুল হত্যাত জড়িত এবিচিডিঃ গগৈ

হত্যাকাণ্ডই একসপ্তাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱাটো চৰকাৰৰ বিফলতা বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি হত্যাকাণ্ডৰ সময়ত দুৰ্ষ্কৃতিকাৰীৰ গুলীচালনাত আহত হোৱা শুভংকৰ চক্ৰবৰ্তীৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছত লাফিকুলৰ হত্যাকাণ্ড সন্দৰ্ভত দুই এক ব্যাক্তিয়ে আলাপ কৰাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হত্যাকাাণ্ডত নিদিষ্ট এটা পক্ষৰ সলনি কেবাটাও পক্ষ অৰ্থাৎ এ , বি , চি , ডি  জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে। 

ইপিনে লাফিকুল হত্যাকাণ্ডৰ সতে সাঙোৰ খাই পৰা ইন্তাজ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইন্তাজ আলীয়ে সম্প্ৰতি আৰক্ষীৰ জিন্মাত ৰাজ আতিথ্য লাভ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে৷

উল্লেখ্য যে যোৱা এক আগষ্টত কোকৰাঝাৰস্থিত তিতাগুৰিৰ এখন টাইলছৰ দোকানত অচিনাকি ঘাতকে শূন্য দূৰত্বৰ পৰা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰাৰ পিছত জিলাখনৰ গোসাইগাওঁৰ টকেয়ামাৰীৰ বাসিন্দা তথা গো-মাফিয়া বুলি পৰিচিত ইন্তাজ আলি ঘটনাটোৰ সৈতে জড়িত থকা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰাৰ পিছতে যোৱা ২ আগষ্টত আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত ইন্তাজ আলিক গ্ৰেপ্তাৰ কৰে৷

পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে ইন্তাজ আলীক আদালতত  হাজিৰ কৰাই  ৭ দিনৰ আৰক্ষী জিন্মাত বিচাৰে যদিও আদালতে ৫ দিনৰ আৰক্ষী জিন্মাত দিয়ে ৷ সম্প্ৰতি আৰক্ষীৰ জিন্মাত থকা ইন্তাজ আলীয়ে ৰাজ আতিথ্য লাভ কৰা বুলি অভিযোগ কৰিছে এবিএমছুয়ে ৷

কোকৰাঝাৰ সদৰ থানাত এবিএমছুৰ দল এটাই আজি দুপৰীয়া লকআপত ইন্তাজ আলীক প্ৰত্যক্ষ কৰি হতচকিত হৈ উঠে৷ ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলামে সদৰী কৰা মতে ইন্তাজ আলীক পুৱাৰ ভাগত বাতৰি কাকত যোগান ধৰাৰ উপৰিও পানীৰ বটল আৰু বাহিৰৰ পৰা পেকেটিং কৰি খোৱা বস্তুৰ যোগান ধৰিছে খোদ আৰক্ষীয়ে ৷

আৰক্ষীৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছাত্ৰ সংগঠনটোৰ জিলা সভাপতি জাইদুল ইছলামে ৰাজ আতিথ্যৰ সলনি তদন্ত সঠিক পথেৰে আগুৱাই নিবলৈ আহ্বান জনাইছে।