
কোকৰাঝাৰঃ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই ৭২ ঘণ্টা অতিক্ৰম কৰিলে যদিও আৰক্ষীয়ে অদ্যপি মূল হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে কোকৰাঝাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০ বি , ৩০২ ,৩২৬,৩৫ আৰু আৰ ডব্লিউ ২৫(১এ),২৭ (৩ বি) মৰ্মে ৰজু হোৱা এক গোচৰৰ ( নং ৪৯২/১৭) ভিত্তিত গ্ৰেপ্তাৰ কৰা চোৰাং গৰু সৰবৰাহকাৰী ইন্তাজ আলীক আজি দুপৰীয়া কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।
♦ এবছু-আছুৰ প্ৰতিনিধি দলৰ পৰিয়ালক সমবেদনা
ৰাজ্যজুৰি তোলপাৰ লগোৱা লাফিকুলৰ হত্যাকাণ্ডৰ সতে জড়িত থকাৰ সন্দেহত ইন্তাজ আলিক অধিক জেৰাৰ বাবে আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰে যদিও কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিষয়টো চালিজাৰি চাই ৫ দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ লাফিকুল হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ইতিমধ্যে গঠন কৰা এচটিএফক সহায় কৰিবলৈ ৪জনীয়া চিআইডিৰ দলো এটা আজি জিলাখনত উপস্থিত হয়। এছটিএফ আৰু চিআইডিৰ দলটোৱে আজি লাফিকুলক হত্যা কৰা স্থানডোখৰ পৰিদৰ্শন কৰে।
ইপিনে লাফিকুলৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যত আজিও উত্তেজনা অব্যাহত আছে। হত্যাকাাণ্ডক লৈ নতুন নতুন তথ্য বাহিৰ হোৱাৰ সময়তে আজি এবছু আৰু আছুৰ প্ৰতিনিধি দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰু লাফিকুলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। আছুৰ সভাপতি দীপাংক নাথ আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে স্থানীয় ৰাইজৰ সতেও বাৰ্তালাভত মিলিত হয়।
সংবাদমাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক নাথে ছাত্ৰনেতা লাফিকুলৰ হত্যাকাণ্ড তীব্ৰ ভাষাৰে গৰিহনা দি লাফিকুল অকল সংখ্যালঘু সমাজৰে নেতা নাছিল বৰং সকলো জাতি জনগোষ্ঠীৰ অধিকাৰৰ হকে মাত মাতিছিল বুলি উল্লেখ কৰে। দিন দুপৰতে জনচক্ষুৰ সন্মুখতে ছাত্ৰ নেতা এগৰাকী নিৰ্বিচাৰে গুলীচালনা কৰা ঘটনা কোনো সাধাৰণ ঘটনা নহয় বুলি মন্তব্যৰে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে।
ইপিনে এবছুৰ সভাপতি প্ৰমোদ বড়োই পৰিবৰ্তনৰ নাম লৈ গঠন হোৱা চৰকাৰৰ দায়বদ্ধতাক সমালোচনা কৰি গৃহ বিভাগকো সমালোচনা কৰিছে। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা আৰম্ভ কৰি জিলা আৰক্ষী অধীক্ষক পৰ্যায়লৈকে কাম কৰা বিষয়াসকলৰ কাম কাজৰ পুনৰ নিৰীক্ষণৰ প্ৰয়োজন আছে বুলি মন্তব্যৰে লাফিকুলৰ হত্যাকাণ্ডত উচ্চাৰিত হোৱা মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ বিৰুদ্ধেও তদন্ত কৰা উচিত বুলি মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে। আনহাতে ছ'চিয়েল মিডিয়াত শালীনতা বজাই ৰাখি বিভ্ৰান্তিমূলক আৰু গোষ্ঠীবাদমূলক পোষ্ট নিদিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে লাফিকুলৰ হত্যাকাণ্ডই পৰিৱৰ্তনকামী চৰকাৰৰ বিফলতাকে সূচাইছে বুলি মত প্ৰকাশ কৰে।
উল্লেখ্য যে হত্যাকাণ্ডই ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো আজিও লাফিকুলৰ বাসগৃহলৈ গুণমুগ্ধৰ সোঁত অব্যাহত আছে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে লাফিকুলৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাটোৰ সতে জড়িতক কৰায়ত্ব কৰাৰ দাবী উত্থাপিত হৈছে।