গ্ৰেণেড নাছিল, টাইম বোমা সংস্থাপিত কৰাৰ সন্দেহ
বিস্ফোৰণস্থলীত ক্ষত-বিক্ষত বেটেৰী উদ্ধাৰ

ওদালগুৰিঃ কালি সন্ধিয়া ৬:৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰনৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হৈছিল। এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।
ঘটনাৰ বিৱৰণী মতে, কামাখ্যাৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ইণ্টাৰচিটি ৰেলখন হৰিশিঙা ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত ১৫৪৬৬ নম্বৰৰ ৰেলখনৰ চতুৰ্থটো ডবাত বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগে। লগে লগে ডবাটো ধোৱাই আগুৰি ধৰে। ফলত ঘটনাস্থলীত এক চেপা উত্তেজনা পৰিস্থিতিয়ে বিৰাজ কৰে। যাত্ৰীসকলে জৰুৰীকালীন ব্ৰেক লগাই গাড়ীখন ৰখাই দিয়ে। উক্ত ঘটনাৰ সৱিশেষ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ই যে গ্ৰেণেডৰ পৰিৱৰ্তে এক সংস্থাপিত বোমা আছিল সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। কিয়নো বিস্ফোৰণস্থলীত উদ্ধাৰ হৈছে এটা সৰু বেটেৰী। সচৰাচৰ এনেধৰণৰ বেটেৰী টাইম বোমা অথবা আন সংস্থাপিত বোমাত ব্যৱহৃত হয়। সেয়েহে বোমাটোৰ সৈতে টাইম ডিভাইছ সংলগ্ন থকাৰ সন্দেহ নুই কৰিব নোৱাৰি।
আনহাতে প্ৰত্যক্ষ দৰ্শীয়ে এয়া গ্ৰেণেড বিস্ফোৰণ নহয় বুলি একেমুখে স্বীকাৰ কৰে। তেওঁলোকে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে এয়া আসনৰ ওপৰৰ ৰেলিঙত থোৱা এটা মোনাৰ পৰা হোৱা বিস্ফোৰণ। ই কোনো গ্ৰেণেড বিস্ফোৰণ নহয়। বিস্ফোৰণৰ প্ৰাকমূহুৰ্তত মোনাখনৰ পৰা যথেষ্ট পৰিমাণে ধোৱা নিৰ্গত হৈ বিস্ফোৰিত হয়। এই বিস্ফোৰণৰ ফলত ডবাৰ কম্পাৰ্টমেণ্টটোৰ দুয়োফালৰ কাচ ভাঙি যোৱাৰ লগতে বেৰবোৰৰ যথেষ্ট ক্ষতিসাধন হয়। ইফালে আন একাংশ লোকে সন্দেহ প্ৰকাশ কৰি কয় যে মোনাখনত কোনো বিস্ফোৰিত সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই আনিছিল অচিনাক্ত দুৰ্বৃত্তই। ফলত সামগ্ৰীখিনিৰ ওপৰত অধিক চাপ অথবা কোনো বিজুতিৰ ফলত বিস্ফোৰিত হোৱা বুলি একাংশ লোকে কব বিচাৰে। ইয়াৰ মাজতে ৰেলযাত্ৰীৰ নিৰাপত্তাৰ দিশটোক লৈ সকলোৱে একেমুখে ৰেল বিভাগক ধিক্কাৰ দিছে।
উল্লেখযোগ্য যে চলন্ত ৰেল অথবা ৰেলষ্টেচনৰ নিৰাপত্তাহীনতাৰ বাতৰি এই প্ৰচাৰ মাধ্যমযোগে বহুবাৰ সম্প্ৰচাৰিত হোৱাৰ পাছতো ৰেল বিভাগটোৱে কোনো গুৰুত্ব আৰোপ নকৰি যাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে দৈনন্দিন অহা-যোৱা কৰা যাত্ৰীসকলে। ইফালে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বাতৰি লিখা পৰলৈ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ নতুন তথ্য সাংবাদিকৰ আগত প্ৰকাশ কৰা নাই।
অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি