
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশতে তৃতীয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হয়৷ দেশৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানত যোগ কৰে লক্ষাধিক লোকে৷
সাধাৰণ লোকক অনুপ্ৰাণিত কৰিবলৈ লক্ষ্নৌত যোগাসনৰ কাৰ্যসূচীত ভাগ লয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ লগত যোগ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ লক্ষ্নৌত আম্বেদকাৰ সভা স্থলত বৰষুণৰ মাজতো শিশুৰ মাজত যোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
যোগাৰ সময়তে প্ৰধানমন্ত্ৰীৰ ডিঙিত আছিল অসমীয়া গামোচা৷ প্ৰধানমন্ত্ৰীৰ ডিঙিত এনেদৰে অসমীয়া গামোচা দেখি উৎফুল্লিত হৈ পৰিছে অসমবাসী৷ ছ’চিয়েল মিডিয়াযোগে প্ৰধানমন্ত্ৰীগৰাকীৰ এই গামোচা প্ৰীতি দেখি ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যবাসীয়ে৷ লক্ষ্নৌত ৰেইনকোট পিন্ধিয়েই লোকসকলে যোগ কৰা দেখা যায়৷
আনহাতে লাদাখত মাইনাছ ২৫ডিগ্ৰী উষ্ণতাত সেনাবাহিনীৰ জোৱানসকলে যোগ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী ভেংকায়া নাইডু, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দিল্লীৰ কানাট প্লেচৰ যোগৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
বিগত বৰ্ষত প্ৰায় ২০কোটি লোকে যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এইবছৰ এই সংখ্যা অধিক হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনে৷ উল্লেখযোগ্য যে আন্তৰাষ্ট্ৰীয় যোগ দিৱস ১৮০খন দেশত পালন কৰা হয়৷
চীন, ইংলেণ্ড, আমেৰিকা আদি দেশত বহু লোকে অংশগ্ৰহণ কৰে যোগৰ অনুষ্ঠানত৷ ৰাষ্ট্ৰসংঘতো বিশেষভাৱে পালন কৰা হৈছে এই যোগ দিৱস। আনহাতে ছৌদি আৰৱতো যোগ দিৱস উপলক্ষে এদিন পূৰ্বে সহস্ৰাধিক লোকে যোগৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাতৰি আহিছে।