ডিজিটেল ডেস্কঃ পৃথক গোৰ্খালেণ্ডৰ দাবীত উত্তাল হৈ পৰিছে পশ্চিমবংগৰ দাৰ্জিলিং। শনিবাৰে গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰতিবাদকাৰী সদস্য আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত ৰক্তাক্ত হৈ পৰে শান্ত-সমাহিত পাৰ্বত্য অঞ্চলটো। মৰ্চাৰ একাংশ কৰ্মীয়ে উগ্ৰ ৰূপ ধাৰণ কৰি আই আৰ বিৰ এজন জোৱানৰ ডিঙি কাটি দিয়ে। বৰ্তমান সংকটজনক অৱস্থাত কিৰণ তামাং নামৰ জোৱানজনক শিলিগুড়িৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

প্ৰথম অৱস্থাত কিৰণ তামাং নিহত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। সংবাদ মেলত জোৱানজনৰ মৃত্যু হোৱা বুলি শোকো ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পিছত অৱশ্যে সেই খবৰ ভুল আছিল বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী মমতাই।

ইফালে আৰক্ষীৰ বিৰুদ্ধে মৰ্চাৰ সমদলকাৰীসকলক উদ্দেশ্যি গুলীবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতা বিনয় তামাঙে। আৰক্ষীৰ গুলীত তেওঁলোকৰ সংগঠনৰ দুজন সদস্য নিহত হোৱা বুলিও দাবী কৰিছে তামাঙে। ছেইণ্ট জোছেফ কলেজৰ সমুখত মৰ্চা সমৰ্থকক লক্ষ্য কৰি মমতাৰ আৰক্ষীয়ে গুলী চলোৱাৰ অভিযোগ উত্থাপন কৰে নেতাজনে। আৰক্ষীৰ গুলীত আৰু ৫জন মৰ্চা কৰ্মী আহত হোৱা বুলিও অভিযোগ তুলিছে গোৰ্খা নেতাজনে।

তামাঙৰ উক্ত অভিযোগক ভিত্তিহীন আখ্যা দিছে পশ্চিমবংগ আৰক্ষীয়ে। ৰাজ্যখনৰ আৰক্ষী বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া অনুজ শৰ্মাই স্পষ্ট কৰি দিয়ে যে আৰক্ষীয়ে প্ৰতিবাদকাৰীক লক্ষ্য কৰি কোনোধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰা নাই। বিপৰীতে মৰ্চাৰ কৰ্মীসকলেহে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ লগতে গুলী চলোৱাৰ অভিযোগ উত্থাপন কৰে শীৰ্ষ বিষয়াগৰাকীয়ে।