02
Jul
2017

ৰঙিয়াঃ আদৰ্শ গাঁৱত খেতি কৰিবলৈ পথাৰত নাই পানী৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত আদৰ্শ গাঁও অময়াপুৰ-পশ্চিম কালাকুছিত জলসিঞ্চন আঁচনি আছে যদিও আঁচনিৰ পানীৰে খেতি কৰিবলৈ পানী নাপায় খেতিয়কে।
জলসিঞ্চন বিভাগে কৃষকৰ বাবে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখনে কেইদিনমান খেতি-পথাৰত পানী যোগান ধৰিছিল যদিও মাহৰ পাছত মাহ ধৰি আঁচনিখনৰ পৰা কৃষকে পানী পাবলৈ সক্ষম হোৱা নাই।
চোৱা-চিতা তথা তদাৰক কৰাৰ অভাৱত আঁচনিখন এতিয়া ধ্বংসৰ গৰাহত। খেতিয়কৰ পথাৰত পানী পাবলৈ হ'লে দায়িত্বত থকা কৰ্মচাৰীক ফোন কৰি মাতিব লাগে।
এনে এক সমস্যাৰ মাজেৰে কৃষকে খেতি কৰিব লগা হৈছে। ৰাইজে আঁচনি সন্দৰ্ভত বিভাগীয় বিষয়া-অভিযন্তাক অৱগত কৰে যদিওঁ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।