
newsnextone.com | কাকপথাৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী-বিধায়কে বাৰে বাৰে দুৰ্নীতিৰ ক্ষেত্ৰক শূন্য সহনশীলতা নীতি অৱলম্বন কৰাৰ কথা কৈ আহিছে যদিও এই নীতি সকলো ক্ষেত্ৰতে প্ৰযোজ্য হোৱা দেখা নাযায়৷ একাংশ বিভাগ, বিধায়কৰ সমষ্টিত এই নীতি প্ৰযোজ্য নহয় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰৰ মাইথং পঞ্চায়তৰ অন্তৰ্গত চেঙেলি গাঁৱত ৫ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰা এটি জলসিঞ্চনৰ আঁচনিৰ ক্ষেত্ৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ফলত ৰাইজৰ নিদ্ৰাহৰণ হৈছে৷
৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা আঁচনিটোৰ শ্লুইছ গেট খন বৰষুণ দিয়াৰ পিছতে বৃহৎ ফাট মেলাৰ লগতে বেকা হ’বলৈ ধৰাত ৰাইজ আতংকিত হৈ পৰিছে৷ শ্লুইছ গেটত ফাট মেলাৰ লগতে দুয়োমূৰে গৰাখহনীয়াৰ সৃষ্টি হোৱাত কেইবাখনো গাঁৱৰ ৰাইজে চিন্তিত হৈ পৰিছে৷ ২০১২-১৩ বৰ্ষত সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৫ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰিছিল আঁচনিটো৷ তেতিয়াৰ কংগ্ৰেছী বৰ্তমানৰ বিজেপি বিধায়ক বলিন চেতিয়াৰ অতি আপোন তিনিচুকীয়াৰ ৰাজেন সিনহা নামৰ বিতৰ্কিত ঠিকাদাৰ জনে ঠিকা লাভ কৰিছিল৷
কেনেল আৰু গেটৰ বাবে বাবে ধন আৱণ্টন দিছিল যদিও প্ৰয়া খিনি কাম আধৰুৱা কৰাৰ অভিযোগ উত্থাপন হয়৷ গেটখনৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে সকলো ধন মোকলাই দিয়াৰো অভিযোগ উত্থাপন হয় জলসিঞ্চন বিভাগৰ বিৰুদ্ধে৷ স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্তকো স্থানীয় ৰাইজে কেইবাবাৰো আধৰুৱা আঁচনিৰ বিষয়ে অৱগত কৰিছিল যদিও আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে৷
ৰাইজে অভিযোগ দি অহাৰ পিছতো আঁচনি নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি সন্দৰ্ভত বিভাগীয় কাৰ্যবাহী অভিযন্তা-বিষয়া, মন্ত্ৰী-বিধায়ক সকলোৱে নিমাত হৈ থাকে৷ সম্প্ৰতি ৫ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰা মূল গেটখন ক্ৰমে তললৈ বহি যাবলৈ আৰম্ভ কৰাত হাহাকাৰ সৃষ্টি হৈছে ৭খন গাঁৱৰ লোকৰ৷ যিকোনো মুহূৰ্ততত গেটখন উটুৱাই নিলে গেটৰ পিছফালে থকা ৭ খন গাঁৱত হঠাতে প্ৰলয় সদৃশি পৰিবেশৰ সৃষ্টি হ’ব৷ ৰাইজৰ অভিযোগৰ অন্তত জলসিঞ্চন বিভাগৰ বিষয়াই শ্লুইছ গেটখন পৰীক্ষণৰ বাবে আহিছিল যদিও সংবাদ মাধ্যমৰ পৰা পলায়ন কৰে৷ জনৈক কোঁৱৰ উপাধিৰ এজন কৰ্মচাৰীয়ে বাৰিষা একো কৰিব পৰা নাযাব বুলিহে মন্তব্য প্ৰকাশ কৰে৷
উল্লেখ্য যে, সেই সময়ৰ কংগ্ৰেছী বিধায়ক বলিন চেতিয়াৰ আপোন মাইথং গাঁও পঞ্চায়তৰ সভাপতি সুৰেণ চুতীয়াই ঠিকাদাৰৰ সৈতে মিলি কৃষকৰ বাবে উপযোগী নোহোৱা স্থানতে আঁচনি নিৰ্মাণ কৰি সিংহভাগ ধন লুণ্ঠন চলাইছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ শ্লুইছ গেটখনৰ কাষেৰে খেতি পথাৰলৈ পানী নিবৰ বাবে নলাৰ ব্যৱস্থা কৰিব লাগে যদিও সেয়াও সম্পূৰ্ণ নকৰিলে৷ মাত্ৰ কেইগাড়ীমান মাটি পেলাই নলাৰ নামত অহা লাখ লাখ টকা হৰলুকী কৰে৷ ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বৃহৎ পৰিমাণৰ ধনেৰে নিৰ্মাণ কৰা শ্লুইছ গেটখন নিম্নমানৰ সামগ্ৰী আৰু দুৰ্নীতি সংঘটিত হোৱাৰ ফলতে ইমান সোনকালে উটি যাবলৈ ওলাইছে বুলি কয় ৰাইজে৷ উচ্চ পৰ্যায়ৰ তদন্ত আৰু বিভাগীয় মন্ত্ৰী ভৱেশ কলিতাৰ হস্তক্ষেপ বিচাৰে ৰাইজে৷