
newsnextone.com | গুৱাহাটীঃ যোৱা এটা বছৰ ধৰি ৰাজ্যৰ চৌদিশে এক উত্তজনামূলক পৰস্থিতিয়ে বিৰাজ কৰিছে৷ সংঘৰ্ষপূৰ্ণ এক পৰিস্থিতিতে ছচিয়েল মিডিয়াত এটি বিশেষ ধৰ্মৰ লোকৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে৷ ৰাজহুৱা স্থানত একাংশ নেতাই এটা ধৰ্মৰ লোকক টাৰ্গেট কৰি আগবঢ়াই অহা বক্তব্যই ৰাজ্য খন জ্বলাব বুলি সৰ্বসাধাৰণ লোকে আশংকা ব্যক্ত কৰি আহিছে৷
ৰাজ্য খনত সাম্প্ৰদায়ীক সংঘৰ্ষ লগাই কোনো এটা পক্ষই যেন কোনো বিশেষ লাভালাভ কৰিব বিচাৰিছে৷ সমাজ খনত জুই জ্বলাই কি লাভ কৰিব সেয়া কোৱা টান৷ কিন্তু ৰাজনৈতিক লাভালাভ যে হ’ব সেয়া খাতাং৷ এটি সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাব জন্মাব পাৰিলে ভোট লাভ কৰাত যে সহজ হ’ব সেয়া খাতাং৷ কিন্তু সমাজ খনত অশান্তিৰ পৰিৱেশৰ মাজলৈ প্ৰক্ষেপ কৰাৰ ফলত একেকুৰা জুইয়ে সকলোকে দহিব সেই কথা হয়তো ভোটৰ বেপাৰ কৰা জনে আজিলৈ বুজা নাই৷
ৰাজ্য খনত যাতে এক অবাঞ্চিত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে ছচিয়েল মিডিয়াত বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ লগে লগে ৰাজ্যত যোৱা দুটা মাহৰ ভিতৰত সংঘটিত হৈছে তিনিটাকৈ অবাঞ্চিত ঘটনা৷ ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে যোৱা ১৩ মাৰ্চৰ নিশা কোকৰাঝাৰ সদৰ চহৰস্থিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই হাতুৰীৰে কোবাই ভাঙি পেলাইছিল৷
তাৰ লগে লগে ৩ মে’ত নলবাৰী জিলাত আৰু ২ মে’ত গোৱালপাৰাত আইচিচৰ পতাকা উদ্ধাৰ কৰে ৰাইজ আৰক্ষীয়ে৷ যাৰ ফলত জিলা দুখনৰ লগতে সমগ্ৰ ৰাজ্যত উত্তেজনামূলক পৰস্থিতিৰ সৃষ্টি হয়৷ সঁচাকৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আইচিচচে খোপনি পুটিছে নেকি বুলি ৰাইজে শংকাত দিন পাৰ কৰিব আৰম্ভ কৰে৷ নৰ খাদক আইচিচে অসমত নৰসংহাৰ চলাব পাৰে বুলিও আশংকা ব্যক্ত কৰে একাংশ লোকে৷ আন একাংশ লোকে কোনো পক্ষই সমাজত উত্তেজনাৰ সৃষ্টি কৰি সংঘৰ্ষ বিয়পাব বিচাৰিছে বুলিহে মত পোষণ কৰিছিল৷ ৰাজ্যৰ আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰে সত্যতা উদ্ধাৰৰ বাবে৷ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে৷
প্ৰথমটো ঘটনা তদন্ত কৰি কোকৰাঝাৰ আৰক্ষীয়ে সফলতা লাভ কৰে৷ অভিযোগ মতে, এগৰাকী বিজেপি নেতাই খোদ ভাঙিছিল তেওলোকৰ আদৰ্শ পুৰুষৰ মূৰ্তিটো। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত এক উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰি এগৰাকী বিজেপি নেতাই জনসংঘৰ প্ৰতিষ্ঠাপকৰ মূৰ্তি ভঙাৰ অভিযোগ উত্থাপন হয়৷
নিজ দলৰ আদৰ্শ পুৰুষৰ মূৰ্তি ভাঙি বিটিএডিত আৰু ৰাজ্য খনত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল কোকৰাঝাৰৰ বিজেপিৰ নেতা সন্তোষ তৰফদাৰে৷ সৰিয়হৰ ডুলিতেই ভূত বুলি কোৱা আপ্ত আপ্তবাক্যশাৰীক প্ৰমাণ কৰে কোকৰাঝাৰৰ বিজেপিৰ নেতাগৰাকীয়ে।
ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য অব্যাহত থকাৰ সময়তে ১৩ মাৰ্চৰ নিশা আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি, বিজেপিৰ জ্যেষ্ঠ নেতা তথা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু উদ্যান পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰক গ্ৰেপ্তাৰ কৰে৷ ঘটনাই সৰিয়হ ডুলিতেই যে ভূত থাকে তাকেই প্ৰমাণ কৰে৷
৩ মে’ত নলবাৰী জিলাৰ বেলশৰত এডাল গছত আইচিচৰ পতাকা উদ্ধাৰৰ পিছতে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে৷ পতাকা দুখনত ‘জইন আইএছআইএছ’ বুলি লিখা আছিল৷ স্থানীয় লোকে পুৱাই গছত আঁৰি থোৱা অৱস্থাত পতাকা দুখন প্ৰত্যক্ষ কৰি বেলশৰ আৰক্ষীক অৱগত কৰে৷ পিছত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পতাকা দুখন উদ্ধাৰ কৰে৷
পতাকা দুখনক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ইছলামিক সন্ত্ৰাসবাদীয়ে অসমত কূটাঘাতমূলৰ কাৰ্য সংঘটিত কৰাৰ আশংকাত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কিন্তু সঁচা ঘটনা অইনহে৷ বেলশৰত আইএছআইএছৰ পতাকা উৰুৱাৰ সন্দেহত অসম আৰক্ষীয়ে ৭ মে’ত ৬ জন লোকক আটক কৰে৷ আটকাধীন লোক কেইজনক আৰক্ষীয়ে কৰা জেৰাত লোক কেইজন বেলশৰ বিজেপিৰ কৰ্মী বুলি পোহৰলৈ আহে৷
ধৃত লোককেইজন তপন বৰ্মণ, দ্বিপজ্যোতি ঠাকুৰীয়া, সৌৰভ জ্যোতি বৈশ্য, পুলক বৰ্মণ, মোজাম্মিল আলী আৰু মুন আলী বুলি জানিব পৰা যায়৷ লোক কেইজনে জিলাখনত ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ বাবেই আইএছআইএছৰ ক’লা পতাকা আৰি থৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
২ মে’ত গোৱালপাৰা জিলাৰ নগৰ আৰক্ষী থানাৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতো ৬ খন ক’লা পতাকা উদ্ধাৰ হৈছিল৷ য’ত ‘আইএছ-এনই’ বুলি লিখা আছিল৷ কিন্তু গোৱালপাৰা ঘটনাৰ সৈতে জৰিত লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷
অসম আৰু অসমীয়াই ভোট দি বিজেপিক জয়যুক্ত কৰাৰ অন্তত দিছপুৰৰ গাদী দখল কৰিলে বিজেপিয়ে৷ বিজেপি এতিয়া বিতৰ্কৰ বাবেহে বিখ্যাত হৈ পৰিছে৷ বহু সময়ত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি সহজ-সৰল লোকক বিপথে পৰিচালিত কৰা শাসকীয় বিজেপিৰ কিছু সংখ্যক নেতা-পালিনেতাই ক্ষমতাৰ ৰাগীত মাতল হৈ পৰা দেখিবলৈ পোৱা গৈছে৷
বিশেষকৈ ধৰ্মৰ নামত ৰাজনীতি কৰি অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতি ধ্বংস কৰিব বিচৰা বিজেপি দলে প্ৰকৃততে অসমৰ বাবে কি কৰিবলৈ গৈ আছে, তাকেলৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ ইফালে যদি গোড়া হিন্দুত্ববাদেৰে অসমত হিন্দু বাংলাদেশীক সংস্থাপন যো-জা চলাইছে, আনফালে আকৌ মঞ্চতে জ্যেষ্ঠ নাগৰিক, শিক্ষকক অপমান কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে৷
কোকৰাঝাৰ বিজেপিৰ সভাপতিয়ে কিছুদিন পূৰ্বে মন্দিৰৰ মুৰ্তি ভাঙি হিন্দু-মুছলিমৰ মাজত ধৰ্মৰ নামত সংঘাত সৃষ্টি কৰিব বিচাৰিছিল৷ তাৰ পিছতেই পুনৰ এইবাৰ বিজেপিয়ে ইছলামিক সন্ত্ৰাসবাদৰ নাম লৈ অসমত ধৰ্মীয় সংঘাত সৃষ্টি কৰি স্বাৰ্থ আদায় কৰাৰ বিফল চেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিছে৷ এনেবোৰ কথাই বহু কথাই ব্যক্ত কৰে যাক ফহিয়াই চাব লাগিব খোদ ৰাইজে৷