
গৰৈমাৰিঃ সাৱধান! ISIS-এ জাল পেলাইছে অসমত৷ ISISৰ শাখা অসমত নাই যদিও পোখা মেলিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ একাংশ মাদ্ৰাছাৰ ছাত্ৰক টাৰ্গেট কৰি লৈছে সদস্য ভৰ্তিৰ বাবে৷ সদস্য ভৰ্তিৰ বাবে ব্যৱহাৰ কৰিছে মোবাইল ফোন৷ মোবাইলত মেচেজ কৰি আহ্বান জনাইছে ISISত যোগ দিবলৈ৷ newsnextone.comৰ হাতত পৰা তথ্য মতে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহেমদক ISISৰ সদস্য হ’বলৈ আহ্বান জনাই মেচেজ প্ৰেৰণ কৰে৷
নৰখাদক সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিবলৈ আহবান জনাই সম্পাদক আশ্ৰাফুল আহেমদৰ মোবাইলত মেচেজ প্ৰেৰণ কৰে৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰে সৃষ্টি কৰিছে। গৰৈমাৰিৰ ঘোৰামাৰা গাঁৱৰ হাতেম আলী আহমেদৰ পুত্ৰ তথা টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহেমদৰ মোবাইলত ২০ অক্টোবৰৰ সন্ধিয়া মেচেজটো প্ৰেৰণ কৰে৷ ৮০১৯১১২৭১৫ নম্বৰৰ মোবাইল নম্বৰৰ পৰা প্ৰেৰণ কৰে মেচেজটো। মেচেজটোত আশ্ৰাফুল আহেমদৰ লগতে তেওঁৰ বন্ধুৰ যদি ইচ্ছা প্ৰকাশ কৰে তেন্তে আইছিছত যোগদান কৰিব পাৰে বুলি উল্লেখ কৰে৷ "মোৰ সময় কম। তই চিন্তা কৰিব নালাগে। মই একে-৪৭ৰে কথা কও।
অসমৰ পৰা, ইতিমধ্যো ২০, ৪৭০ জন লৰা, আৰু ২০৪৯ জনী ছোৱালীয়ে আইছিছত যোগ দিছে" বুলি মাদ্ৰাছা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহমেদৰ মোবাইললৈ অহাটো মেচেজটেত উল্লেখ কৰে৷ চলিত মাহৰ ১৭ অক্টোবৰৰ পৰা টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষক মৌলনা শিৰাজুল হকৰ বিৰুদ্ধে পৰ্তিবাদ অব্যাহত ৰাখিছিল৷ মাদ্ৰাছাৰ চৌহদৰ প্ৰকাণ্ড গছ কাটি পেলোৱাত অধীক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ সহযোগত আশ্ৰাফুল আহেমদে প্ৰতিবাদ অব্যাহত ৰাখিছিল৷
শিক্ষকৰ বিৰূদ্ধে জোৰশিমুলী আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল। আশ্ৰাফুল আহেমদে মেচেজটো সন্দৰ্ভত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ লগতে স্থানীয় আৰক্ষীকো এজাহাৰ দাখিল কৰে। সম্প্ৰতি আশ্ৰাফুল আহমেদৰ মোবাইল গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ জিম্মাত আছে। এই ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ তদন্ত কৰি প্ৰকৃত ৰহস্য উৎঘাটন কৰিবলৈ আহ্বান জনাই ৰাইজে৷