জাগীৰোডৰ কুমৈত বনজ সম্পদৰ লুন্ঠনৰাজ৷ বনাঞ্চলখনৰ মূল্যবান শাল-চেগুন আদি কাটি তহিলং কৰিছে দুষ্টচক্ৰই৷ বনদস্যুৰ স’তে গোপন অংকৰ মিতিৰালিত ধ্বংসস্তুপত পৰিণত কুমৈ বনাঞ্চল ৷

গুৱাহাটীঃ ৰাজ্যত এতিয়া মাফিয়া ৰাজ, শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখন এতিয়া নিৰৱ। চোৰাংচোৱাৰ চকু এতিয়া মূল্যবান বনজ সম্পদৰ ওপৰত। মৰিগাঁও বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ জাগীৰোডৰ ঐতিহাসিক কুমৈ পাহাৰত এতিয়া বনদস্যুৰ তাণ্ডৱ।
দিনৰ পোহৰতে কুমৈ বনাঞ্চলৰ মূল্যবান শাল-চেগুন আদি কাটি বন বিভাগৰ নাকৰ তলেৰে পাৰ কৰাই লৈ যায় বনদস্যুৱে। ধৃতৰাষ্ট্ৰৰ বেশত শূন্য সহনশীলতাৰ কথা কোৱা জাতি-মাটি-ভেটিৰ চৰকাৰ বুলি জহাই ফুৰা বি জে পি চৰকাৰ।
বন বিভাগৰ একাংশ ভণ্ড বিষয়া কৰ্মীৰ গোপন বুজাবুজি আৰু বিয়াগোম বন বিভাগটোৰ নিৰ্লিপ্ততাৰ সুযোগলৈ অঞ্চলটোত গঢ় লৈ উঠিছে এক বৃহৎ ক'লা সাম্ৰাজ্য, অব্যাহত ৰাখিছে বনজ সম্পদ ধংস অভিযান।
কি বন বিভাগ কি জিলা প্ৰশাসন সকলো নিৰৱ৷ বনদস্যুৱে দিনে নিশাই নিৰ্বিঘ্নে চলাই গৈছে বনজ সম্পদ ধংসৰ অভিযান। ইয়াকে লৈ চিন্তিত এতিয়া অঞ্চলটোৰ ৰাইজ।