লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে চাঞ্চল্যকৰ অপহৰণৰ ঘটনা৷  বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সুচল যাতায়তৰ কেন্দ্ৰ বিন্দুৰূপে চিহ্নিত জাগুনত যোৱা নিশা এগৰাকী কৰ্মচাৰী পুনৰ অপহৃত হোৱাৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত ৫/৬ জনীয়া এটা দলে জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা তেওঁৰ মহৰি ৰূপে কৰ্মৰত অৱস্থাত থকা ডিগবৈৰ অপূৰ্ব কাকতি নামৰ কৰ্মচাৰীজনক অপহৰণ কৰি নিয়াৰ ঘটনাই এলেকাটোত গভীৰ ৰহস্যৰ সুত্ৰপাত ঘটাইছে৷ 

সাধাৰণ এজন কৰ্মচাৰীক কিহৰ অন্তৰালত অপহৰণ কৰা হ’ল সেইয়া বাতৰি প্ৰেৰণৰ মূৰ্হুৰ্তলৈকে স্পষ্ট নহ’ল যদিও একাংশই এইয়া শিল ভঙা উদ্যোগটোৰ গৰাকী বিজয় বৰাৰ পৰা দাবীকৃত ধন নোপোৱাৰ বাবেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

তাৎপৰ্যপূৰ্ণ  যে, বিজয় বৰাৰ উদ্যোগটোৰ দুয়োফালে প্ৰায় ৫০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰতে সেনাৰ শিবিৰে আগুৰি থকাৰ তৎস্বত্বেও আজি সন্ধিয়া ভাগতেই সামৰিক পোছাক পৰিহিত পাঁচ-ছয়জনীয়া অস্ত্ৰধাৰী দল এটাই ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা উদ্যোগটো পৰা এগৰাকী কৈ কৰ্মচাৰীক অপহৰণ কৰি সুকলমে আতৰি যোৱা ঘটনাই এলেকাটোত নিৰাপত্তা ব্যৱস্থাটোকে ভেঙুচালি কৰা পৰিলক্ষিত হ’ল ।

ইফালে, সেনা আৰক্ষীয়ে উগ্ৰপন্থী বিৰুধী অভিযানত তৎপৰ হৈ পৰিছে যদিও বৰ্তমানৰ লৈকে কোনো সন্ধান নাই অপূৰ্ব কাকতিৰ৷ লগতে কোন সংগঠনে অপহৰণ কাণ্ড সংঘটিত কৰিছে সেয়াই বৰ্তমানেও নিশ্চিত হোৱা নায়৷