লিডুঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰা প্ৰতিবাদৰ ঢৌ৷ যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তৰ পাছত লোকসভা তথা ৰাজ্যসভাৰ সদনত সংশোধনী বিধেয়কক গৃহীত কৰিবলৈ লোৱা প্ৰস্তাৱক এতিয়া তীব্ৰ ভাষাৰে গৰিহনা দিছে বিভিন্ন দল সংগঠনে৷ শুকুৰবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিৰাপ, জাগুন আঞ্চলিক সমিতিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে৷

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত প্ৰায় অৰ্ধ শতাধিক নেতা কৰ্মীয়ে আজি জাগুনৰ ৭ মাইলস্থিত ৰাষ্ট্ৰীয় ঘাইপথত বি জে পি চৰকাৰ বেপাৰী, বি জে পি গ' বেক, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে অৰ্ধ উলংগ হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ 

লগতে সংগঠনটোৱে ৰে’লমন্ত্ৰী পিজুচ গোৱেলে সংবাদ মাধ্যমৰ আগত জাতিধ্বংসী বিধেয়কখন যি কোনো পৰিস্থিতিত গৃহীত কৰা হ’ব বুলি কোৱা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে সংশোধনী বিধেয়কখনৰ ওপৰত এনেদৰে বিৰোপ মন্তব্য প্ৰকাশ নকৰিবলৈ আহবান জনায়৷ 

এইক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ স্পষ্ট মত কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাৰ সদনত গৃহীত কৰিবলৈ দিয়া নহ’ব৷ জাতিধ্বংসী বিধায়কখন গৃহিত হ’লে বি জে পিৰ নেতৃত্বাধীন চৰকাৰখনে অনাগত দিনত তীব্ৰ গণ আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু হৈ থাকক বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷