newsnextone.com | জাগুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে তিনিচুকীয়া জিলাৰ জাগুনত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ওলাই অহা কেইবাশতাধিক লোকে হাতে হাতে জোঁৰ লৈ এই আইন বাতিল কৰক, এই জুই জ্বলিছে-জ্বলিছে জ্বলিবই, বিজেপি চৰকাৰ গ’বক আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷

সন্ধিয়া সাত বজাৰ পৰা ৮ বজালৈ টাই আহোম যুৱ পৰিষদ, নিবনুৱা সন্থাকে ধৰি বিভিন্ন দল-সংগঠন, মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত হাজাৰ হাজাৰ লোকে জাগুন বজাৰৰ শ্বহীদ বেদীৰ পৰা প্ৰায় ২ কিলোমিটাৰ সমদল কৰি চৰকাৰক সকিয়াই দি এই বিধেয়ক গৃহিত নকৰিবলৈ দাবী জনায়৷

১৫৩ ৰাষ্ট্রীয় ঘাইপথত উলিওৱা জোঁৰ সমদলত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷