লিডুঃ শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথত  সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। শিল ভৰ্তি ডাম্পাৰে মহতিয়াই লৈ যায় মটৰ চাইকেল আৰোহীক। ফলত থিতাতে নিহত হয় এজন৷

জাগুনৰপৰা তিনিচুকীয়া অভিমুখে গৈ থকা থকা এখন শিল ভৰ্তি ডাম্পাৰে তিনিখনকৈ মটৰ চাইকেল তীব্ৰ বেগত মহটিয়াই লৈ যোৱাৰ ফলত এজন  থিতাতে নিহত হোৱাৰ বিপৰীতে ৫ জন অতি গুৰুতৰভাৱে আহত হয়। 

নিহত হোৱা যুৱকজন পাঁচ মাইলৰ কমল উপাধ্যায় (৩৩) বুলি জানিব পৰা গৈছে। আন পাঁচজন যুৱক গুৰুত্বৰভাৱে আহত হোৱাত ওচৰৰ জাগুন চৰকাৰী মেডিকেলত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক অৱনতি হোৱাৰ বাবে সংকট জনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। 

উল্লেখযোগ্য যে, জাগুন দহ মাইলৰ পৰা শিল ভৰ্তি ডাম্পাৰ খনে দ্ৰুত গতিত গাড়ী চলোৱাৰ ফলতেই এনে  ঘটনা সংঘটিত হোৱা বুলি স্থানীয় সূত্ৰত প্ৰকাশ। বৰ্তমান ডাম্পাৰসহ গাড়ী চালকজনক লেখাপানী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। AS 06 BC 0665 ডাম্পাৰখনৰ মালিক ডিব্ৰুগড়ৰৰ জনৈক গাৰুডিয়াৰ বুলি জানিব পৰা গৈছে৷