মঙলদৈঃ মঙলদৈ জিলা কাৰাগাৰত সুৰক্ষিত নে কয়দী? আজি এগৰাকী কয়দীৰ জেলখনৰ এটি নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে এই প্ৰশ্ন উত্থাপিত হৈছে।

মঙলদৈ টাউনস্থিত কাৰাগাৰৰ ভিতৰৰ পানী বৈ থকা এটি নলাত পৰি থকা অৱস্থাত গোলাপ হুছেইন(৩৭) নামৰ কয়দী গৰাকীক অন্য কয়দীয়ে প্ৰত্যক্ষ কৰে৷

ততাতৈয়াকৈ জেল কৰ্তৃপক্ষই কয়দী গোলাপ হুছেইনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে গোলাপৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

২০০৮ চনৰ পৰাই মঙলদৈ জিলা কাৰাগাৰত বন্দী হৈ থকা গোলাপ এটি হত্যাকাণ্ডৰ গোচৰত অভিয়ুক্ত আছিল৷

কোনো ৰোগৰ বাবে নে অন্য কয়দীয়ে আক্ৰমণ কৰাৰ ফলত গোলাপ নলাত পৰি আছিল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ৰহস্য ফাদিল হ'ব বুলি অাশা কৰা হৈছে।